মাংসসাৰb.5egw1lug Hm20 J8KkBagxf Pba ti
মাংসসাৰ বা প্ৰ'টিন (ইংৰাজী: Protein) হৈছে একপ্ৰকাৰৰ বৃহৎ জৈৱযৌগ। এক বা একাধিক এমিন' এচিডৰ দীঘল শৃংখলৰ দ্বাৰা ইহঁতৰ গঠন হয়। প্ৰ'টিনে জীৱ দেহত পৰিপাকীয় বিক্ৰিয়াৰ অনুঘটক, DNA পুণৰোৎপাদন, উদ্দীপনাৰ প্ৰতি সঁহাৰি, এটা অংশৰ পৰা আন অংশলৈ অনুৰ পৰিবহনকে ধৰি বিভিন্ন কাৰ্য সংঘটিত কৰে। বিভিন্ন প্ৰ'টিনৰ এমিন' এচিডৰ সাজোনৰ ভিন্নতা থাকে, যিটো সিহঁতৰ জীনৰ নিউক্লিয়টাইড সজ্জাই নিৰ্ধাৰণ কৰে, আৰু ইযাৰ ফলতেই প্ৰ'টিনে সিহঁতৰ বিশেষ ত্ৰি-অক্ষীয় গঠন লাভ কৰে যিয়ে সিহঁতৰ কাৰ্য নিৰ্ণয় কৰে।